তেখেতৰ সংলাপবোৰ সদায়েই চুটি। এনে লাগে যেন যি ক’লে তাতকৈও অনেক কথা নোকোৱাকৈয়ে থাকি গৈছে! তেখেতৰ অভিনয়ত সদায়েই অপ্ৰকাশিত অলেখ কাহিনীয়ে দোলা দি যায়। দৰ্শকক যেন নিজৰ মাজতে হেৰাই যাবলৈ, নিজকে সেই অভিনয়ৰ মাজত বিচাৰি পাবলৈ সুবিধা কৰি দিয়ে। হৃদয়ত যেতিয়া অযুত ভাৱে জোৱাৰ তোলে, মানুহৰ মুখৰ ভাষা হেৰাই যায়। আৰু মুখেৰে নোকোৱা সেই অযুত ভাষা প্ৰকাশ পায় তেখেতৰ দুচকুৰ মাজেৰে। একো নোকোৱাকৈয়ে কেৱল মাত্ৰ দুচকুৰ মাজেৰে তেখেতে প্ৰকাশ কৰে হৃদয়ৰ ভাষা, যি ভাষাক হৃদয়ৰ গভীৰতাত সোমাব পৰা প্ৰত্যেকজন ব্যক্তিয়ে, উচ্চাৰিত শব্দতকৈও অধিক স্পষ্টৰূপত শুনিব পাৰে।
‘বিল্ল’ বাৰবাৰ’ বোলছবিৰ অন্তিম মুহূৰ্তত পত্নীৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰোতে, ‘পান সিং টোমৰ’ বোলছবিত নিজৰ আত্মীয়ক কিয় তেওঁক খেলপথাৰৰ পৰা বঞ্চিত কৰিলে বুলি প্ৰশ্ন কৰোতে কৰা অভিনয়েই তেখেতৰ পৰিচয়। আৰু তেনে মুহূৰ্তবোৰত এজন ব্যক্তিৰ অন্তৰত চলা ধুমুহাই কিধৰণে ব্যক্তিজনক হয়তো শান্ত বা অস্থিৰ কৰি তুলিব পাৰে, সেয়া অভিনয়ৰ জৰিয়তে আন কোনেও হয়তো ইমান মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ কৰিব নোৱাৰিব।
আচলতে আমাৰ সকলোৰে জীবনত কোৱা কথাতকৈও নোকোৱা কথাৰ পয়োভৰ বেছি। সময়ৰ লগে লগে সেই নোকোৱা কথাবোৰে হৃদয়ত ভিৰ কৰিবলৈ আৰম্ভ কৰে। আৰু আমি হাঁহি-মাতি আমাৰ হৃদয়ৰ সেই গোপন ভাৰক পৃথিৱীৰ পৰা লুকুৱাবলৈ চেষ্টা কৰো। মানুহৰ মাজত সোমাই নিজৰ পৰা পলাই ফুৰো। কিন্তু সকলোকে ফাঁকি দিলেও নিজক জানো কোনোবাই ফাঁকি দিব পাৰে ! সেয়ে হয়তো কোনো কোনো মুহূৰ্তত আমাৰ সকলোৰে দৃষ্টি তেখেতৰ দৰেই হৈ পৰে, স্থিৰ, উদাস, দিগন্তত নিবদ্ধ আৰু — বাঙ্ময়। আৰু হয়তো সেই কাৰণেই তেখেতৰ অভিনয়ে আমাৰ সকলোৰে অন্তৰত এক অদ্বিতীয় স্থান অধিকাৰ কৰিলে।
মৰমৰ ইৰফান খান, আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক।