-- বৰদলৈ, অলপ নতুন ধৰণৰ কিতাপ এখনৰ নাম কওঁকছোন৷
-- কিয়? 'গল্প সমগ্ৰ'খন ভাল লগা নাই নেকি?
-- নহয় মানে, ভালেই পাইছো৷ কিন্তু অলপ নতুন ধৰণৰ কিতাপ এখন পঢ়ি চাবলৈ মন গৈছে৷ মানুহৰ খং, বিদ্বেষ, ঘৃণা, প্ৰতিশোধ, যান্ত্ৰণা আদিৰ ওপৰত আধাৰিত; অলপ dark type ৰ৷
-- 'মৎস্যগন্ধা' পঢ়ক৷ বন্ধুৱে তপৰাই ক'লে৷
-- কাৰ ?
-- হোমেন বৰগোহাঞিৰ৷
সেয়া কলেজৰ কথা৷ অফ পিৰিঅ'ড এটাত লগৰ এজনৰ লগত কথা পাতি আছিলো৷ তেওঁ 'গল্প সমগ্ৰ'বুলি ড° ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ গল্প সমগ্ৰখনৰ কথা বুজাইছিল৷ সেই কিতাপখন কলেজৰ লাইব্ৰেৰীত পঢ়াৰ পাছৰে পৰা আমি দুয়ো তেখেতৰ গল্পসমূহৰ পৰম অনুৰাগী হৈ পৰিছিলো৷ মাজে মাজে গল্পসমূহৰ মাজৰে পৰা কোনোবা এটাক লৈ আমাৰ মাজত আলোচনা চলিছিল৷ মইতো কিতাপখন কিনিয়েই পেলাইছিলো৷ (সেইখন মোৰ এখন অন্যতম প্ৰিয় গ্ৰন্থ)৷ কিন্তু তেখেতৰ গল্পসমূহৰ ভাৱ-ভাষা খুৱেই মাৰ্জিত আৰু পৰিশীলিত৷ সেয়ে হয়তো কিছু ৰুচিৰ পৰিৱৰ্তনৰ খাতিৰতে বন্ধুক সুধিছিলোঁ - 'বৰদলৈ, অলপ নতুন ধৰণৰ .....'৷
তেওঁৰ পৰামৰ্শত প্ৰথমে মই কিছু সন্দেহী আছিলোঁ৷ তাৰ কাৰণ হ'ল, মই তেতিয়ালৈকে যিজন সাহিত্যিক হোমেন বৰগোহাঞিক চিনি পাইছিলো তেখেত আছিল 'মানুহ হোৱাৰ গৌৰৱ', প্ৰজ্ঞাৰ সাধনা', 'উচ্চাকাংক্ষা' আদি গ্ৰন্থৰ প্ৰণেতা৷ সচাঁ কথা ক'বলৈ গ'লে মোৰ তেখেতৰ ৰচনাৰাজিৰ ওপৰত অধ্যয়ন তেনেই সীমিত আছিল৷ ফলত মই সন্দেহ কৰিছিলো যে মই যেনেকুৱা এখন গ্ৰন্থ পঢ়াৰ কথা মনতে ভাৱি আছো, মৎস্যগন্ধাখন তেনেকুৱা গ্ৰন্থ হয় জানোঁ! কিন্তু মোৰ সন্দেহ অমূলক আছিল৷ 'মৎস্যগন্ধা' আৰু 'সুবালা' একেলগে পঢ়িছিলো আৰু দুয়োখন গ্ৰন্থই মিলি মোৰ হোমেন বৰগোহাঞিদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি থকা পূৰ্ৱৰ ধাৰণা সলাই পেলোৱাই নহয়, তেখেতৰ গ্ৰন্থসমূহৰ প্ৰতি কৌতুহলীও কৰি তুলিছিল৷ এইখিনিতে উল্লেখ কৰো যে এই দুইখন গ্ৰন্থৰ কলেৱৰ সৰু হলেও অসমীয়া সাহিত্যত তেনে শৈলীৰ লিখনি বিৰল৷ তেতিয়াৰে পৰা মই অধ্যয়ন কৰা গ্ৰন্থসমূহৰ ভিতৰত তেখেতৰ গ্ৰন্থই সৰ্বাধিক আৰু বৰ্তমান তেখেতেই মোৰ আটাইতকৈ প্ৰিয় সাহিত্যিক বুলি বিনা দ্বিধাই ক'ব পাৰো৷
* প্ৰিয়তম লেখক *
হোমেন বৰগোহাঞিৰ লিখনিৰ যিবোৰ বৈশিষ্টৰ বাবে তেখেতেই মোৰ প্ৰিয়তম লেখক হৈ পৰিল, তাৰ ভিতৰত মই তিনিটা বৈশিষ্ট ব্যাখ্যা কৰিব খোজো৷
প্ৰথমত বৈশিষ্ট হিচাপে ক'ব খোজো তেখেতৰ বিশেষ গদ্যশৈলী৷ তেখেতে লিখা প্ৰতিটো বাক্যৰে প্ৰকাশভঙ্গী পোনপটীয়া আৰু শক্তিশালী ৷ ক'ব বিছৰা কথাখিনি কোনো দ্ব্যৰ্থবোধ নথকাকৈ, কম শব্দৰে সৰলভাৱে প্ৰকাশ কৰিব পৰা কলা সকলো লিখকেই আয়ত্ব কৰিব বিছাৰে৷ বৰগোহাঞিদেৱৰ লিখনিসমূহ সেই কলাৰে এক সুন্দৰ নিদৰ্শন৷ এই কথাটো শব্দৰে প্ৰকাশ কৰাটো কঠিন, কিন্তু যিকোনো পাঠকেই তেখেতৰ লিখনি পঢ়িবলৈ আৰম্ভ কৰিলে প্ৰথমেই তেখেতৰ গদ্যশৈলীৰ মৌলিকতা লক্ষ্য কৰাটো ধুৰূপ৷ তেখেতৰ দীঘলীয়া প্ৰবন্ধসমূহেই হওঁক বা জিএনআৰচি ৰ সম্পাদকীয়ই হওঁক, পাঠকে পঢ়োতে কেতিয়াও আমনি নাপায়৷
দ্বিতীয় কাৰণ হৈছে তেখেতে নিজৰ লিখনিত অন্তৰ্ভুক্ত কৰা অসংখ্য উদ্ধৃতি (Quote) আৰু উপকাহিনীসমূহ(Anecdote)৷ এইসমূহ উদ্ধৃতি আৰু উপকাহিনীৰ মাধ্যমেৰেই মই পাশ্চাত্যৰ অনেক সাহিত্যিকৰ নাম আৰু কৰ্মৰ লগত চিনাকি হ'লো৷ তেখেতে সঘনাই নাম লোৱা উইল ডুৰান্ট, ছমাৰছেট ম'ম, জৰ্জ লুই বৰ্হেছ, ৰাল্ফ ৱালড' ইমাৰছন, ৰ'মা ৰ'লা, ৰুছো, গ'থে, ইমানুৱেল কান্ট আদি সাহিত্যিকৰ নাম তাৰ আগতে মই শুনাই নাছিলো৷ অৰ্থাৎ, পাশ্চাত্য সাহিত্যৰ একো জ্ঞান বা তাৰ প্ৰতি কোনো কৌতুহল তাৰ আগলৈকে নাছিল৷ কাৰণ তাৰ আগলৈকে তেনে কোনো গ্ৰন্থ অধ্যয়নেই কৰা নাছিলো য'ত এনেবোৰ কথাৰ অৱতাৰণা হৈছিল৷ হোমেন বৰগোহঞিদেৱৰ ৰচনাসমূহৰ বাহিৰে আন কোনো ৰচনাতে সেইসমূহ তথ্য আমাৰ নিচিনা সাধাৰণ মানুহৰ মনোগ্ৰাহীহোৱাকৈ পোৱা মনত নপৰে৷ আজি মোৰ মনত পাশ্চাত্য সাহিত্যৰ প্ৰতি যি কৌতুহল আৰু শ্ৰদ্ধা আছে, সেয়া তেখেতৰ লিখনিৰে অৱদান৷
তৃতীয় কাৰণটো হৈছে, তেখেতে তেখেতৰ প্ৰবন্ধসমূহত কেইবাজনো সাহিত্যিকৰ এনে কিছু অবিস্মৰণীয় জ্ঞান সাধনাৰ কাহিনী সন্নিৱিষ্ট কৰিছে যিবোৰ মোৰ বাবে অন্তহীন প্ৰেৰণাৰ উৎস৷ কিদৰে অনেক শাৰীৰিক ও মানসিক বাধা বিপত্তি জয় কৰি সেইসকল সাহিত্যিকে অমৰ সৃষ্টি ৰচনা কৰি থৈ গৈছে, সেয়া সকলো মানুহৰ বাবেই প্ৰেৰণাৰ উৎস হব পাৰে৷ জ্ঞান সাধনাৰ এনে জয়গান মই হোমেন বৰগোহাঞিদেৱৰ ৰচনাৰ বাহিৰে অসমীয়া সাহিত্যৰ আন লেখকৰ লেখনিত পোৱা নাই৷ উদাহৰণৰ বাবে মই উইল ডুৰান্টৰ 'The Story of Civilization' ৰ কথা ক'ব খোজো৷ সেই গ্ৰন্থখন ১১ টা খণ্ডৰ সমষ্টিৰে এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ৷ গোটেই গ্ৰন্থখন লিখি উলিয়াবলৈ ডুৰান্ট দম্পত্তিক সময় লাগিছিল চাৰি দশক৷ জ্ঞান সাধনাৰ এনে উদাহৰণৰ পৃথিৱীতে বিৰল নহয়নে! হোমেন বৰগোহাঞিদেৱৰ 'জীৱনৰ অৰ্থ সম্পৰ্কত' নামৰ কিতাপখত পোৱা উইল ডুৰান্টৰ দ্বাৰা ৰচিত একে নামৰ ৰচনাখনৰ কথাও মই উনুকিয়াব খোজো৷ সেই ৰচনাখনৰ সৃষ্টিৰ আৰঁৰ কাহিনী মই ক'ব বিছৰা নাই, সেয়া গ্ৰন্থখনত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে৷ উইল ডুৰান্টৰ প্ৰচেষ্টা আৰু তেখেতে নিজে লিখা সেই ৰচনাখন, দুয়োটাই বিশ্বসাহিত্যৰ স্মৰণীয় উপলব্ধি৷ মই ভাৱো, সেই ৰচনাখন সকলোৱে এবাৰ পঢ়ি চোৱা উচিত৷
* অনাকাংক্ষিত বাস্তৱ *
হোমেন বৰগোহাঞি ডাঙৰীয়া ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ বাতৰি পাই খুবেই চিন্তিত হৈছিলো৷ মনে মনে তেখেত সোনকালে আৰোগ্য হোৱাটোৱেই কামনা কৰি আছিলো৷ কিছুদিনৰ পাছত তেখেত আৰোগ্যহৈ ঘৰলৈ ওভতাৰ খবৰ পাই অত্যন্ত আনন্দিত হৈছিলো৷ যি হওঁক, তেখেত আকৌ আমাৰ মাজলৈ ঘুৰি অহা কথাটোৱে মনত বৰ আনন্দ দিছিল৷ কিন্তু সেই আনন্দ বেছিদিন নাথাকিল৷ অকস্মাত খবৰ পালো তেখেত আৰু আমাৰ মাজত নাই৷ প্ৰথমতে বিশ্বাস কৰিবলৈ টান লাগিছিল৷ খবৰটো মিছা নহয়তো! অলপ আশা তেতিয়াও আছিল; কিজানিবা ভুৱা বাতৰিয়েই ওলাইছে৷ কিন্তু বিশ্বাস নকৰিলেই জানো বাস্তৱ সলনি হ'ব? অৱশেষত এই কথা নিশ্চিত হ'ল যে ক'ভিডোত্তৰ স্বাস্থ্যসমস্যাত ভুগি ৮৯ বছৰ বয়সত এইজন সুযোগ্য অসম সন্তানে ইহ সংসাৰ ত্যাগ কৰিলে৷
যিসকল প্ৰাজ্ঞ ব্যক্তিয়ে নিজৰ অধ্যৱসায়, একাগ্ৰতা আৰু ব্যক্তিত্বৰে অসমীয়া সাহিত্য আৰু জাতীয় জীৱনত নিজৰ ছাপ এৰি থৈ গৈছে, সেইসকলৰ ভিতৰত হোমেন বৰগোহাঞিদেৱো এজন৷ তেখেতৰ জীৱন আৰু সৃষ্টিৰাজী ভৱিষ্যত প্ৰজন্মৰ বাবে এক বিৰল আদৰ্শ হৈ ৰ'ব আৰু তেখেত, প্ৰতিজন স্ৱাভিমানী অসমীয়াৰ অন্তৰত এক দিগদৰ্শী উজ্জ্বল প্ৰদীপ হৈ চিৰকাল জ্বলি ৰ'ব৷
0 Comments